পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শ্ৰীভজন বিলাস পদ্ধতি

সহজ ভজন ধৰি,  জ্ঞান কৰ্ম্ম আশা এৰি,
 হৰি কথা আলাপে যি ৰহে।
ভালে গেল তাৰ কাল,  গেল মোৰ বৃথা কাল
 ভজনবিলাসে কাশী কহে॥৩৬॥*॥

( কথা )

 পৰাশৰ সংহিতাৰ মতলৈ ন’ কৈছে কি ন এৰ নতুন ৰস সি কত আছে? তাক যোনে জানে, সেয়ে ৰসিক ও সহজ (অৰ্থাৎ সত্য।) মানুহ তাৰ ভজনো সত্য। সি অষ্ট মহাপাশ চিৰি আগয়ে সাবধান হৈছে। তাৰ ভাল বেয়া একো নাই। নিন্দায়ে সেবা কৰাৰ নিচিনা, স্তব স্তুতি যে অপমানৰ তুল্য। এতেকে যদি বৃথা দিন কটাব নুখোঁজা, তেন্তে অন্য ধৰ্ম্ম কৰ্ম্মৰ আশা এৰি চিনি জানি হৰি ভজা ও হৰি কথাত মগ্ন হোৱা; এয়ে দুৰ্ল্লভ মনুষ্য জন্মৰ স্বধৰ্ম্ম, নহলে আৰে চৌৰাশি লক্ষ নৰক ভোগ কৰিব লাগিব।

⸺⸺
ৰসিকৰমত।
(লেছাড়ি)

ৰসিক সমাজে এই মত, অৰসিক পক্ষে বিপৰীত,
 তথাপি নহলে নোহয় এহি কাৰনে।