পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীভজন বিলাস পদ্ধতি

(কথা)

 শিবোমাসম্বাদ আৰু ভাবচুৰামনি পুথিৰমত লৈজ’এ গেৰিএ গেৰিএ কৈছে, এই সংসাৰত জনমি যোনে ব্ৰহ্মাৰ মাটিত খেতি ন কৰিবৰ মনে বিধান বোৰ খাই এতালে, সেয়ে ডাঙ্গৰ চহকি। আৰু যোনে চৈতন্য মন্ত্ৰ লৈছে, তেওঁয়ে জীবন থাকোঁতে জন্ম লৈছে। সিজনেই চিন্তামনিপূৰকত্‌ কোনে কিহৰ আনাগুনা কৰে তাৰ খবৰ জানে। নহলে জীবনতে মৰা জানিবা।

না৷

( ছবি)

(ন) নএৰ নতুন ৰসে,  ৰসিকে কৰয় বস,
 কি ৰকম পাৰে বুজিবাক।
পাইছে যি তাৰ গন্ধ,  ৰসিক সমাজে বন্ধ,
 সহজ মানুহ বলে তাক॥৩৪॥
অষ্ট মহাপাশ চিৰি,  পৰিহৰি দূৰ কৰি,
 সিজন হইছে সাবধান।
নিন্দায় বন্দনা তাৰ,  একো নাই সাৰসাৰ,
 স্তবন পূজন মানামান॥৩৫॥