পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীভজন বিলাস পদ্ধতি।

আছে কত দিন, এনে সময়ত,
 নাৰদক লগ পালে॥২৪॥
ঋষিয়ে সুধিলা,  কি কৰিছা ৰজা,
 বৰ কষ্ট দেখোঁ মনে।
ৰজাই উত্তৰ,  দিলে প্ৰভু মই,
  হীন ভজন সাধনে॥২৫॥
পূৰ্ব্ব সাগৰৰ, পাৰ পৰা আসি,
 পালোঁ পশ্চিম সাগৰ।
তথাপিতো মন্ত্ৰ,  সিদ্ধ হোৱা নাই,
 কিনু দুৰ্ব্বাসনা মোৰ॥২৬॥
দাঁত সৰি গল,  ভূৰু পকাইলোঁ,
 অঙ্গও অবশ হৈল।
গুৰু দিয়া নাম,  জপতে জপতে,
 হাতৰ খেদালোঁ চাল॥২৭॥
নাৰদে বোলন্ত,  শুনা মহাৰজা,
 সম্প্ৰদানোহোৱা গুৰু।
আশ্ৰয় কৰিলে,  নিষ্ফল হোৱয়,
 নহে বাঞ্চা কল্পতৰু॥২৮॥