পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীভজন বিলাস পদ্ধতি।


(কথা)

 এই সংসাৰত পদ্মৰ নিচিনা এতা অমৃতৰ কলহ আছে; তাক কেৱে চিনিব পাৰে কে নোৱাৰে। এই কাৰণ উদ্ভট্ট চন্দ্ৰিকা নামে এখন পুথিৰ মতলৈ’ভ কৈছে মধুৰ লোভত যেনেকৈ মউমাখি সকলে ইফুলৰ পৰা সিফুললৈকে মউ বিচাৰ কৰে, সেইৰূপ জ্ঞানৰ লুভিয়া শিষ্য সকলে, ইগুৰুৰ পৰা আন গুৰুত্ জ্ঞান লোৱাকেই ইথলত ভ্ৰমৰ কৈছে। লৰচৰ কৰিব নোৱাৰাকেই ভেক কৈছে। ভ্ৰমৰ গুৰুৰ কৃপাতে সুধাভাণ্ড চিনি সুধা খালে, ভেকে ইঠাইৰ পৰা আন ঠাই যাব নোৱাৰা গতিকে খাবলৈ দূৰে থায়ক, মিঠেৰ কলহ বুলি চিনিয়ে নেপালে। ইয়াত ভ্ৰমৰৰ ভজনেহে উচিত।

তাৰ পটন্তৰ।

( দুলড়ী)

অতি পূৰ্ব্ব কালে,  প্ৰাচীন বৰ্হি ৰজা,
 পশ্চিম সাগৰ কুলে।