পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীভজন বিলাস পদ্ধতি।

মই মূৰ্খ মোৰ দোষ গুণক ন ধৰি।
সাৰক গ্ৰহণ কৰা মূলত বিচাৰি॥২॥
ৰচনা কৰিলোঁ ই যে ভজন বিলাস।
হই নুই ভাবি চোৱা কহে কাশীদাস॥২১।*।


ভ, জ, না

(ভ) ভ’কয় ভব সংসাৰে, কেউহে চিনিব পাৰে,
  পদ্মৰ স্বৰূপ সুধাভাণ্ড।
আছে ভ্ৰমৰ যিহই,  সুধাতৃপ্তি পলুৱাই,
  খাই ই যে আচৰিত কাণ্ড॥২২৷।
ভেক হই বাঞ্চা কৰে,  গুৰিলৈ যাব নোৱাৰে
  নোপাৱয় তাহাৰ যি ৰস।
যেনে অগ্নি দেখি কীট  জাস দেই সেই মত,
  সততে থাকিব তাৰ যশ॥২৩॥


(তথাহি।)

উদ্ভট্ট চন্দ্ৰিকায়াং।

“মধুলুব্ধভৃঙ্গ যথাপুষ্পাৎ পুষ্পন্তৰংব্ৰজেৎ।
জ্ঞানলুব্ধশিষ্যতথাগুৰ্ব্বাৎগুৰ্ব্বান্তৰং ব্ৰজেৎ।”