পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

প্ৰত্যয় ন জাষ যেবে যাহ নৰলোক।
মনুচ্য মধ্যষ্ঠ মানি সংসয় চেদোক॥
দন্ত বাক্যে শনি পাচে দিলন্ত উত্তৰ।
সীঘ্ৰে জাওঁ আসা আমি শ্ৰীবৎসনগৰ॥ ২১
শ্ৰীবৎস নৃপতি হোন্ত পুন্যবান অতি।
তাহান পাশত বুজি আসো শীঘ্ৰগতি॥
আমাৰ মাজত কোন হৈবে মানি জন।
ন্যায় বুজি কহিবস্ত ভুপতি সুজন॥ ২২
অবিলম্বে শনৈশ্বৰ জলৰ জিয়াৰি।
ওপনিত ভৈল আসি বজাৰ নগৰি॥
দিব্য সিংহাসনে বসি আছে নৰনাথ।
আদেস নৃপতি দ্বাৰি নমিলন্ত মাথ॥ ২৩
দুৱাৰে আচন্ত দেৱ দুই মহাজন।
আজ্ঞাঁ দিলা নৰপতি আসিলা তখন॥
ভৃঙ্গাৰৰ জলে ৰাজা পাৱ প্ৰক্ষালিল।
বসিবাক লাগি দুই আসন যোগাইল॥ ২৪
দন্দৱত কৰি ৰাজা পুছিলা কথাক।
কোন কাৰ্য্যে আগমন আমাৰ পাষক॥
কহিয়োক দেবি কিবা আদিত্য নন্দন।
কোন কাৰ্য্য সাধে আজ্ঞাঁ কৰোক এখন॥ ২৫
বদতি কমলা ৰাজা কৰিও বিচা্ৰ‌।
আমি দুই জন মাজে কোন হোৱে বৰ॥