সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

সত্যবন্ত বুলি তোমা ঘোষে সৰ্ব্বলোক।
কোন জন শ্ৰেষ্ঠ ছোৱে কহিও প্ৰতক্ষ॥ ২৬
কতো বেলি মানে ৰাজা মৌনি হুয়া ৰৈলা।
ভাবি চিস্তি নৃপ পাচে বচন বুলিলা॥
ক্ষেমিওক দেবি এবে আসিবা প্ৰভাতে।
এতি ক্ষনে সিদ্ধান্ত নো হয় অকস্‌মাতে॥ ২৭
শুনী চলি যান্ত দুই অপোন ঠানত।
ৰাজায়ো পশিল গৈয়া অস্তেষপুৰত॥
জয় নমো নাৰায়ন নিজ ইষ্টদেৱ।
তোমাৰ চৰনে কোটি লক্ষ কৰোঁ সেৱ॥ ২৮
লক্ষ্মীপতি ভগৱন্ত বিশ্বৰ ইশ্বৰ।
যাক সুমৰনে তৰি দুৰ্ঘোৰ সংসাৰ॥
আমি অতি অভাজন জ্ঞাঁনহিন নৰ।
অভয় দিয়োক মোক প্ৰভু দামোদৰ॥ ২৯
কৰ যোৰ কবিয়া বোলোহো পৃয় বাক।
বঢ়াতুটা দোষ কিছু ক্ষেমিবা আমাক॥
অজ্ঞাঁনিৰ পদ বুলি নিন্দা ন কৰোক।
কৃষ্ণকথামৃতে তুস্ত কৰিয়ো মনক॥ ৩০
অৰন্য পৰ্ব্বৰ ইতো অপুৰ্ব্ব আক্ষান।
শ্ৰবন কিৰ্তন কৰা চিন্তি নাৰায়ন॥ ৩১