সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

আমি শ্ৰেষ্ঠ জন জানা সংসাৰে পূজিত
মোৰ সম লক্ষ্মী তুমি নোহ কদাচিত। ১৫
ত্ৰিভুবনে আমাৰ অসাধ্য কিছু নাই
অসত্য নোবোলো আবে দেখিওক চাই।
হেন শুনী কমলাৰ ন সহিলা গাৱে
ঘৃত দিলে অগ্নি যেন অধিক উধাৱে। ১৬
চিত্বক শুম্ভায়া দেবী বুলিল বচন
অনুচিত কথা কহ সুৰ্জৰ নন্দন।
যত অনৰ্থৰ হেতু তই সনি গ্ৰহ
কোন নৰে পুজে তোক কৰিয়া আগ্ৰহ। ১৭
ভালৰ কাৰন নোহ মন্দকাৰি তই
সৰ্ব্বথায় জ্ঞাঁট আচে কি কহিবো মই।
চৰাচৰ জগতত আছে যত প্ৰানি।
আমাক চাৰন্তা জন কৰ্ণে নাহি শুনী॥ ১৮
স্বৰ্গ মৰ্ত্ত পাতালত দেখিয়ো বিচাৰি।
মোক বাঞ্ছা কৰি পূজে গৃহষ্ঠৰ নাৰি॥
ৰাজা প্ৰজা নিৰন্তৰ দেব গন্ধৰ্ব্বত।
আমাক তেজন্তা কোনো নাহি সংসাৰত॥ ১৯
আমাক ন চায়ে যিবা সিতো কুলক্ষন।
তাহাঁৰ দুৰ্গতি নুগুছিবে অনুক্ষন॥
লক্ষ্মীচাৰা বুলি লোকে গৰিহা কৰয়।
অন্ন বস্ত্ৰ বিনে তাৰ তনু হৈবে ক্ষয়॥ ২০