পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

পুত্ৰৱতে পালে প্ৰজা সদানন্দ ময়
ৰাম ৰাজ বুলি আন লোকত ঘোষয়।
কামদেৱ তুল্য ৰূপ জ্ঞানে দেবগুৰু
দুস্তজন যম প্ৰাই দানে কল্পতৰু। ১০
ধৰ্ম্ম কৰ্ম্ম চিন্তি নৃপ থাকন্ত সদায়
হেনয় ধাৰ্ম্মিক লোক সিকালত নায়।
চিন্তাৱতী নামে তাৰ মুক্ষ পাটৰাণী
মহা পতিব্ৰতা চিত্ৰসেনৰ নন্দিনী। ১১
শত হাজাৰেক যজ্ঞঁ কৰে চন্দ্ৰাঁয়ন
কোনে কৰিবাক পাৰে চিন্তাৰ সমান।
দানে অদৰিদ্ৰ কৰি জগত তুষিল
তান ৰাজ্যে দুখি ভিক্ষি লোক ন থাকিল। ১২
নৱ সত ব্ৰাহ্মনক নিতে ভূঞ্জাৱন্ত
সুবৰ্ণ দখিনা নীতে বস্ত্ৰ দান দেন্ত।
সসাগৰা পৃথিবি সাষিল বাহু বলে
কৰ দেন্ত আসি আন নৃপতি সকলে। ১৩
হেনমতে ৰাজ্য সুখে আছে নৰপাল
শুনা যুদ্ধিষ্ঠিৰ জেন দৈবৰ জঞ্জাল।
কৰ্ম্মৰ ফলক কোনে এড়াইবাক পাৰে
কাল নামে চক্ৰ জানা পাচে পাচে ঘুৰে। ১৪
এক দিনা গ্ৰহপতি আদিত্যৰ সুত
লক্ষ্মীৰ পাষত কহে বচন অদ্ভুত