পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
শ্ৰীবৎস চিন্তাৰ বনবাস।


তুমি সকলোৰে সাৰ,   তুমি বিনে নাহি আৰ
  ত্ৰিভুবনে কৰন্ত পুজন।
সৰ্ব্ব ভুতে থাকা তুমি,   তুমি সকলোৰে স্বামী
  নৱগ্ৰহ ৰুপী জনাৰ্দ্দন॥ ৩৪৬
আৰ কতো স্তুতি ভুপ,   কৰিলন্ত বহুৰুপ
  তেবে ভুস্ত হুয়া সনি কয়।
ধন্য তুমি মহাৰাজা,   এবে মোৰ কৰ পূজা
 আৰু তোৰ নাহি আন ভয়॥ ৩৪৭
দেসে জাও নৰবৰ,   একচত্ৰি ৰাজেস্বৰ
  কৰি দস হাজাৰ বছৰ।
লভি পুত্ৰ সত জন,   আৰু কন্যা মহাধন
  অন্তে বাস বৈকুণ্ঠ নগৰ॥ ৩৪৮
নিছিন্তিলা মোৰ হীত,   দুঃখ পাইলা অপ্ৰমিত
  এবে ৰাজ্যে কৰিয়ো গমন।
শ্ৰীবৎসক দিয়া বৰ,   অন্তৰ্দ্ধান শনৈস্বৰ
  চলি জান্ত বৈকুণ্ঠ ভুবন॥ ৩৪৯

⸻⸻


শ্ৰীবৎস দুই ভাৰ্য্য সহিত স্বৰাজে
গমন।

যুদ্ধিৰ নিগদতি শুনা গদাধৰ।
বৰ দিয়া গৈল সনি অমৰ নগৰ॥