পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
শ্ৰীবৎস চিন্তাৰ বনবাস।


কি কৰ্ম্ম কৰিলে তেন্তে শ্ৰীবৎস নৃপতি।
কিবা কৰ্ম্ম আছৰিলে বাহু নৰপতি॥ ৩৫০
যাদৱ বোলন্ত ৰাজা কথা বিতোপন।
তাত পাছে সনি যেবে কৰিলা প্ৰষ্ঠান॥
আনন্দীত বাহুৰাজা বান্ধৱ সহিতি।
নগৰত হোন্ত নানাবিধ নৃত্য গিতি॥ ৩৫১
সত সত বাদ্য বাৱে প্ৰতি ঘৰে পৰে।
হৰ্ষিত বিধানে কেঁহো পাসক্ৰিড়া কৰে॥
বোয়াইলন্ত সাৰি সাৰি গুৱাক কদলি।
থানে থানে সজাইলন্ত ফুলমাল থুলি॥ ৩৫২
ধন্য ৰাণী গৰ্ভে ভদ্ৰাৱতী জন্ম দিলা।
শ্ৰীবৎসক হেন বড় ঘৰে বসি পাইলা॥
হেন মতে কোয়াকুই কৰে অন্য জন।
হৰিস ভৈলন্ত তান প্ৰজা সৰ্ব্বজন॥ ৩৫৩
একদিন প্ৰাতসে উঠিয়া শীঘ্ৰ গতি।
সসুবক নিবেদিলা শ্ৰীবৎস ভুপতি॥
আদেশ দিয়োক দেৱ কৰোঁহো গমন।
বহুকাল নেদেখিলো জ্ঞাঁতি ভাই গন॥ ৩৫৪
আজি আমি নীজ ৰাজ্যে কৰিবোঁ গমন।
শুনি সাৰথিক বোলে বাহুক ৰাজন॥
আজ্ঞাঁ মাত্ৰে সাৰথি গৈলন্ত শীঘ্ৰগতি।
দিব্য ৰথখান আনি জোগাইলা তহিতি॥ ৩৫৫