পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
শ্ৰীবৎস চিন্তাৰ বনবাস।


প্ৰাতসতে আসি বাহুদেব নৰপাল।
শ্ৰীবৎস সংহতি বসিলন্ত সভামাল॥
বনপৰ্ব্ব সেষ কথা ইটো সু আক্ষান।
একান্তে শ্ৰবন কৰা চিন্তি নাৰায়ন॥ ৩৪১

⸻⸻


বৰদান।

প্ৰভাতে বাহুক ৰাজা,   নগৰিয়া যত প্ৰজা
  বসি সভা আনন্দ বিধান।
হেন সময়ত শুনী,   গৰ্জন্ত আকাসি বাণী
  সুনা সভাসদ ৰাজাগন॥ ৩৪২
অমৰ গন্ধৰ্ব্ব যক্ষ,   সকলি আমাৰ ভক্ষ
  তেসম্বেঁ মোহোক ভাল জানে।
বিদ্যাধৰি বিদ্যাধৰ,   ৰাক্ষস কিন্নৰ নৰ
  সবে মানে শ্ৰীবৎস নামানে॥ ৩৪৩
ক্ৰোধে কম্পঁমান শনী,   আসিলা মাৰুত ভুমি
  যৈতে সভা মধ্যে ৰাজাগণ।
আৰক্ত হেঙ্গুল বৰ্ণ,   যেন অঙ্গ তপ্ত স্বৰ্ণ
  কতিটতে সুবক্ত বসন॥ ৩৪৪
ৰক্তজবা যেন প্ৰভা,   প্ৰকাশ কৰন্ত সভা
  দৰতে কাম্পঁয় জত জন।
সসংকিত নৃপগণ,   উথিলন্ত তাৱক্ষণ
  কৰযোৰে কৰন্ত স্তবন॥ ৩৪৫