পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
শ্ৰীবৎস চিন্তাৰ বনবাস।


স্ৰান্ত ভৈলা মহা দুখে নিচ্ছাসে বজান্ত।
নোয়াৰন্ত খুলিবাক প্ৰমাণ পাইলন্ত॥ ৩১৩
জামাতা কহন্ত দেব পাইলা প্ৰমাণ।
আমি খুলিবোহোঁ স্বৰ্ণ কৰি দুই খান॥
এত হন্তে পাট লৈয়া শ্ৰীবৎস ৰাজন।
তাল বেতালক ধ্যান কৰিলা তেখন॥ ৩১৪
স্মঁৰন কৰন্তে পাট দুই খান ভৈলা।
সভাৰ যতেক লোক আচৰ্য্য মানিলা॥
পাছে বাহু ৰাজা দেখি মনত সংসয়।
সম্ভ্ৰঁমে পুচন্ত কথা মানিয়া বিস্ময়॥ ৩১৫
কহ সত্য তুমি বাপু কোন মায়াঁকৰ।
দেৱতা গন্ধৰ্ব্ব যক্ষ কিবা নাগ নৰ॥
বুঝি মোৰ ভদ্ৰাৱতী ভাগ্য সুপ্ৰসন্ন।
আজি সে সফল ভৈলা গৌৰী আৰাধন॥ ৩১৬
সশুৰৰ বানি হেন শুনি নৰপতি।
কহিবে লাগিলা পাচে আপোন ভাৰতী॥
সমানে সমানে ধাতা কৰন্ত সঞ্জোঁগ।
দুখ সুখ হোন্ত ৰাজা সৰিৰৰ ভোগ॥ ৩১৭
মৃতু সম কস্ত বনে দ্বাদস বৎসৰ।
শনিৰ পীড়াতে আসি তোমাৰ নগৰ॥
বিধিৰ নিৰ্ব্বন্ধে কৰোঁ ভদ্ৰাক গ্ৰহণ।
সংসয় নাহিকে ৰাজা নোহো ণিচ জন॥ ৩১৮