পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
শ্ৰীবৎস চিন্তাৰ বনবাস।


শুনিওক পুৰ্ব্ব যত মোৰ বিবৰণ।
প্ৰাগ্য দেস ধৰ আমি শ্ৰীবৎস ৰাজন॥
এক দিনা সনি আৰু জলৰ জীৱাৰি।
দ্বন্দ কৰি আসে দোহোঁ আমাৰ নগৰি॥ ৩১৯
লক্ষ্মী বোলে আমি শ্ৰেষ্ট সংসাৰ ভিতৰে।
সনি বোলে আমি স্ৰেষ্ট যত চৰাছৰে॥
হেন মতে দ্বন্দ কৰি আসিলা দুজন।
আমাক বোলন্ত শ্ৰেষ্ঠ কহ কোন জন॥ ৩২০
কথা শুনি আমাৰ সংসয় বড় চিত্বে।
তথাপিত বুলিলৌহো আসিবা প্ৰভাতে।
বিমৰিষি স্বৰ্ণ ৰৌপ্যাসন দুই খান।
দুকাসে থাপিলো ৰাখি মাজে মোৰ স্থান॥ ৩২১
মন্ত্ৰিসমে বসি আছোঁ বিৰলে সভাত।
হেন কালে আসি দুই ভৈল উপস্থিত॥
সম্ভ্ৰঁমে উথিলো আমি দেখি সীঘ্ৰগতি।
সভয় অন্তৰে বহু কৰিলোহো তুতি॥ ৩২২
ভৈলা দুই জন বসিল আসনে।
বামে সনি বসিলন্ত কমলা দক্ষিণে॥
পাছে পুছিলন্ত মোক সহাস্য বদন।
উত্বৰ দিলোহোঁ হেন কৰি অনুমান॥ ৩২৩
আপোনে বুঝিয়ো দেৱ আসনৰ ক্ৰমে।
দক্ষীণত স্ৰেষ্ঠ বোলে সাধাৰণ বামে॥