পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শ্ৰীবৎস চিন্তাৰ বনবাস।


যাক হন্তে হাবি আস আছে নৰবৰ।
দৈবযোগে উপনিত সেহি সদাগৰ॥
দৃস্তীমাত্ৰে সদাগৰে নৃপতি চিনিলা।
বন্দি কৰি নাও সমে ঘাতটে ৰাখিলা॥ ৩০৮
কিংকৰক আদেশিলা হৈয়া হৃস্তমন।
নৌকা হন্তে আনহ যতেক আছে ধন॥
আজ্ঞা মাত্ৰে স্বৰ্ণ পাট যিমান আছিল।
নৌকা হন্তে অলগাই তিৰত ৰাখিল॥ ৩০৯
দেখি সাধু বাহুদেব নৃপে জানাইলা।
তোমাৰ জামাতা মোৰ সৰ্ব্বস্ব লুটিলা॥
পাছে ৰাজা ক্ৰোধ মনে জামাতাক বোলে।
কি কাৰণে স্বৰ্ণ পাট সাধুৰ আনিলে॥ ৩১০
জামাতা বোলন্ত কথা কৰোক শ্ৰবণ।
সাধু নোহে এই জন পাপিস্ত দুৰ্জন॥
এই স্বৰ্ণ পাট যদি কৰে দুই খান।
জানিবা সকলি হোৱে ইহাৰ প্ৰমাণ॥ ৩১১
হেন সুনি বোলে বাহুদেব নৰপতি
দুই খান স্বৰ্ণ পাট কৰহ সম্প্ৰঁতি॥
যুগ্ম স্বৰ্ণ পাট যদি দুইখান হয়।
তেবে সে তোমাৰ হোৱে জানিবা নিচ্ছয়॥ ৩১২
সাহস কৰিয়া সাধু আনিল কুঠাৰ।
অনেক প্ৰকাৰে যত্ন কৰিলে বিস্তৰ॥