পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
শ্ৰীবৎস চিন্তাৰ বনবাস।

অল্প অল্প ঘনে, মলয়া পবনে,
 গন্ধ যোযনক জায়।
হাতে স্বৰ্ণ থালা পাৰিজাত মালা,
 ইন্দ্ৰানি লাজক পায়॥ ২৮৬
হাতৰ অঙ্গুলী,  চাঁম্পাৰ যে কলি,
 দন্ত মুকুতাৰ পান্তি।
ভদ্ৰাৱতি ৰুপ, দেখি সৰ্ব্ব ভুপ
 মনত মিলে আক্ৰান্তি॥ ২৮৭
বহুদেব বংশে, কমলাৰ অংশে,
 স্ৰজিলন্ত বিস্বপতি।
দেখি ৰাজচয়, মনত বোলয়
 সাৰ্থক ইহাঁৰ পতী॥ ২৮৮
হে, কৃষ্ণ মোক, মুৰুখ জানিয়া
 নকৰিবাঁ পৰিহাৰ।
তুমি বিনে মহা, পতিত পাৱন
 আছে কোন দেৱ আৰ॥ ২৮৯
অনাদি অনন্ত, অচিন্ত্য ঈশ্বৰ
 তুমি সে নীত্য নিৰ্ম্মল।
গুছোক কুমতী  দিয়াহাঁ সুমতি
 সেবিৱো পদ কমলে॥২৯০
স্যাম কলেৱৰ, সুন্দৰ নয়ন
 সকলো গুণে সাগৰ।
তাহান দুখানি চৰণ পঙ্কজে
 কহে চাৰু দ্বিজ বৰ॥ ২৯১