পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
শ্ৰীবৎস চিন্তাৰ বনবাস

পদ।

শ্ৰীকৃষ্ণ বদতি সুনা পুৰ্ব্ব বিবৰন।
হেন কালে সুন্য বাণী হইল গগন॥
কদম্বৰ তলে বৈসে তোৰ ইস্ত পতি।
গলে মাল্য দিয়ো জান্তে অহে ভদ্ৰাৱতী॥ ২৯২
অনন্তৰে শুনি কৰ্ণে বাহুৰ নন্দিনী।
লয় লাসে জান্ত চলি যথা নৃপমণী॥
অবিলম্বেঁ গলে মালা কৰিয়া প্ৰদান।
যোৰ হাতে ভদ্ৰাৱতি ৰহিলা তেখন॥ ২৯৩
দুস্ত জনে কৰে নিন্দা সান্ত জনে ভাল।
হেন মতে সভাত উথিল মহাৰোল॥
বিমানে অমৰে কৰে আসিস বচন।
সভা বিসৰ্জিয়া গৈলা জাৰ জিবা স্থান॥ ২৯৪
বিধিৰ নিৰ্ব্বন্ধ খান্দাইবেক সক্তি কাৰ।
জাৰ লাগি কস্ত কৈলা দ্বাদশ বৎসৰ॥
পাৰ্ব্বতি দিয়াছে বড় কৰ্ম্ম অনুসারে।
না জানিয়া নিন্দে তাক মুৰুখ বৰ্ব্বৰে॥ ২৯৫
বাহুদেব ৰাজা মনে অসন্তোষ কৰি।
সিঘ্ৰে প্ৰবেসন্ত গৈয়া জথা অন্তঃপুৰি॥
সজল নয়নে কহে মহাদেবী স্থান।
ভদ্ৰাৰ কপালে হেন কৈলা ভগবান॥ ২৯৬