পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শ্ৰীবৎস চিন্তাৰ বনবাস৷

ৰাজ সভা মাজে, ধিৰে ধিৰে জান্ত,

পুৰ্ণ সুধাকৰ, অধিকে প্ৰবৰ,
 অমল কমল মুখ।
গজমুক্তা গলে,  তিলফুল ভালে,
 দেখি মুনি মন সুখ॥ ২৮১
নেত্ৰ দুই মিন, দেখন্তে হরিন,
 ফিৰি জান্ত ঘোৰ বন।
চাৰু ভুৰুলতা, কামদেৱ বৃথা,
 নিন্দিলন্ত সৰাসন॥ ২৮২
পীত নেট শাৰি,  বিৰাজে সুন্দৰী,
 পুবিয় অৰুন ভালে।
গজেন্দ্ৰ গমণী,  ধিব সৌডামিণী,
 জেন পুৰ্ণ চন্দ্ৰঁ জলে॥ ২৮৩
কাঁঞ্ছণ কমল,   শৰিৰ অমল,
 কমলে গঢ়িছে অঙ্গ।
নিল কেস মাঝে, মালতি বিৰাজে,
 সহজে মোহে অনঙ্গ॥ ২৮৪
হিয়াৰ দুকাসে, দুগুতি ডাৰিম্ব,
 মধ্য দেহা অতি ক্ষিন।
কপালে সেন্দুৰ, জেন দিবাকৰ,
 কমদেৱ পুৰ্ণবান॥ ২৮৫