সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
শ্ৰীবৎস চিন্তাৰ বনবাস

চতুৰঙ্গদলে আসে নৃপতি সমাজ।
তাসম্বাঁক ৰম্য থানে দিলা ভক্ষভোজ॥
পৃথিবিৰ ৰাজাচয় একত্ৰ ভৈলন্ত।
বিধিয়তে বাহুদেব তাংক পুজিলন্ত॥ ২৭১
দসেক যোযন মানে দিব্য সভাখান।
বসিলন্ত জথাযোগ্যে নৃপ অগনন॥
অনন্তৰে বাহুদেব নৃপতি সুজন।
অধিবাস পূজা মানে কৰি সমাপন॥ ২৭২
ব্ৰাহ্মঁণৰ পদৰঝ সিৰে তুলি লৈয়া।
প্ৰৱেসন্ত সভা মাজে পূলকিত হৈয়া॥
উৰ্দ্ধ বাহু কৰি বোলোঁ অঙ্গিকাৰ বাণী।
ইচ্ছাবৰি হৈবে আজি আমাৰ নন্দিনী॥ ২৭৩
আঁজ্ঞা কৰিয়োক মোক নৃপতি সমাজ।
জয় ধ্বনি কৰি সবে বোলে হৌক কাজ॥
বিধিৰ নিৰ্ব্বন্ধ কৰ্ম্ম নাজাই খন্দন।
মালিনিৰ ঘৰে বসি শ্ৰীবৎস ৰাজন॥ ২৭৪
জেতিখনে জয়ধ্বনি ভৈলন্ত সভাত।
ভয়ঙ্কৰ সব্দ ভৈল জেন উল্কাপাত॥
মালিনিৰ সুধি পাছে ইটো কথা সাৰ।
দেখিবাক মন গৈল শ্ৰীবৎস ৰাজাৰ॥ ২৭৫
অবিলম্বেঁ আসিলন্ত সভা বিদ্যমান।
কদম্বঁ বিৰিখ মুলে বসিলা ৰাজন॥