পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
শ্ৰীবৎস চিন্তাৰ বনবাস

কিমত অন্যাই তব ওহে নৰপতি।
অনুছিত বাক্য হান তনয়াৰ প্ৰতি॥ ২৬৫
উপযুক্ত ভৈল কন্যা বিবাহ সময়।
এক তিলো নাভাবস কঠিন হৃদয়॥
পিতৃ গৃহে যুবা কন্যা সোভা নাহি পায়।
ৰাজ্য মদে ভোল গৈলা কি কবোঁ তোমায়॥ ২৬৬
পাত্ৰ অন্বেঁসণ কৰি কৰে কন্যা দান।
সেহিসে উছিত কৰ্ম্ম শাস্ত্ৰৰ বিধান॥
বাহুদেব বোলে ৰাণী কি কহিলা বাণী।
অত বৰ ভৈলা কন্যা আমি নাহি জানি।॥ ২৬৭
বিবাহৰ জোগ্য ভৈল মোহোৰ জিৱাই।
হেন কথা একদিনো নকহিলি তই॥
পৃথিবিৰ ৰাজা সব আনিবোঁ জন্তাই।
ইচ্ছা বৰি হৌক আবে মোহোৰ জিৱাই॥ ২৬৮
এহি বুলি পাত্ৰ গণে ডংকাই আনিলা।
সত সত স্থানে দূত তেখনে পাঞ্ছিলা॥
দশ ক্ৰোষ যুৰি সভা কৰাইলা নিৰ্ম্মাণ।
ভোজ ভক্ষ আদি যত যিবা প্ৰয়োজন॥ ২৬৯
পদুলীৰ দুই কাসে কদলি রুইলা।
জাতিস্কাৰ ঘাটবাত সকলো মাৰ্জিলা॥
লক্ষ লক্ষ ৰাজাগণ আছে পৃথিবিত।
সয়ম্বঁৰ বাৰ্তা পাই আনন্দ মনত॥ ২৭০