পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
শ্ৰীবৎস চিন্তাৰ বনবাস


জিৰ্ণ বাস পৰিধান সত গ্ৰণ্ঠি তাতে।
বৃক্ষতলে বসি ৰৈলা ভিখাৰিৰ সৈতে॥ ২৭৬
ইশ্বৰৰ ইচ্ছা বুজে সক্তি আছে কাৰ।
তাৰ পাখি দেখা আজি শ্ৰীবৎস ৰাজাৰ॥
হেন জানি কৃষ্ণ ধ্যান হৃদয়ত ধৰি।
পাপক বিকৰ্থি মাত্ৰ বোলা হৰি হৰি॥ ২৭৭

⸻ ০ ⸻

ভদ্ৰাৱতীৰ ৰুপ বৰ্ণনা।

বাহুৰ নন্দিনী, সৰ্ব্ব সুলক্ষণী
 প্ৰদক্ষিন কৈল সভা।
সঙ্গি সব সাথে, স্বৰ্ণ থাল হাতে
 জেহেন বিজুলি আভা॥ ২৭৮
কৰি কৃতাঞ্জলি,  ভদ্ৰা বিনোদিনী,
 বুলিলা অমৃত বাণী।
আজ্ঞাঁ কৰিয়োক,  নৃপতি জতেক,
 পাওঁ নিজ পতি আমি॥ ২৭৯
কিবা দেৱ কন্যা,  কাঞ্চন প্ৰতিমা,
 তিলোত্বমা অৰুন্ধতি।