সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
শ্ৰীবৎস চিন্তাৰ বনবাস

কন্যাক বোলন্ত আসি লহ ইষ্টবৰ।
প্ৰনমিয়া কৰে স্তুতি যুৰি দুই কৰ॥
তুমি মাতা ব্ৰহ্মঁময়ি সক্তি স্বৰুপিণী।
সুজন পালন কৰ্তা সংহাৰকাৰিণী॥ ২৬০
বিশ্বেস্বৰী বিস্বৰূপী নমস্তে ভৱানী।
অনন্ত স্বৰুপা দেবী গতি প্ৰদায়িনী॥
কৃপা যদি ভৈল মাৱ দিয়োক সম্মতি।
স্বামী মোৰ হোন্ত যেন শ্ৰীবৎস নৃপতি॥ ২৬১
আতপৰে আন বাঞ্ছাঁ নকৰেহো আমি।
শ্ৰীবৎস নৃপতি যেন পাওঁ মই স্বামী॥
আনন্দিত হৰজায়া বুলিলা বচন।
সেহি তোৰ হৌক স্বামী শ্ৰীবৎস ৰাজন॥ ২৬২
সঙ্কেতে কহিবো মই সুন ভদ্ৰাৱতি।
কেশীনী মালিনি ঘৰে আসন্ত নৃপতি॥
এতেক কহিয়া গৈলা কৈলাস ভুবন।
বৰ প্ৰাপ্তে ভদ্ৰাৱতি আনন্দিত মন॥ ২৬৩
একদিন প্ৰতি বাহুদেব নৰপাল।
ভোজন সময়ে ভদ্ৰা লৈয়া স্বৰ্ণথাল॥
স্বৰ্ণ থালি হাতে ধৰি সমিপে আছিলা।
ৰাণীজ্ঞাঁনে বাহু ৰাজা পৰিহাশ কৈলা॥ ২৬৪
কান্দিয়া কহিলা ভদ্ৰা জননী পাশত।
হেন সুনি খঙ্গে ৰাণী কদৰ্থে ৰাজাত॥