পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
শ্ৰীবৎস চিন্তাৰ বনবাস


স্তোমোগুনে ক্ৰোধ অহং কৰন্ত বিধান।
হেন ক্ৰোধ তেজৈ যিটো সেহি মহাজন॥
দুৰ্য্যোধন কৰ্ম্ম যত চতুৰ্দ্দশ অন্তে।
অবস্য়ে ফলিবে জান বিধিৰ আদেশ॥ ২৫৬
হেন জানি সংসাৰি মানৱ যত গুতি।
হৰে কৃষ্ণ হৃদে ধৰাঁ পুৰ্ন্নস্য়াম মুৰ্তি॥

 

ভদ্ৰাৱতীৰ স্বয়ম্বঁৰ।

আচৰ্য্য কাহিনী ৰাজা শ্ৰীবৎস আক্ষান।
গুপুতে থাকিলা তৈত মালিনিৰ স্থান॥ ২৫৭
সৌতিপুৰে মহাৰাজা বাহুদেব নাম।
তাহান ৰাজ্যত একো গুনে নাহি কম॥
ভদ্ৰাৱতী নামে কন্যা বাহুৰ নন্দিনী।
সতি ত্বিলোত্বমা ৰুপে দেবেন্দ্ৰৰ ৰাণী॥ ২৫৮
সৰ্ব্ব সুলক্ষণী কন্যা যাজ্ঞঁসেনী যেন।
কথোৰ কৰিলে ব্ৰত গৌৰী আৰাধন॥
দ্বাদষ বংসৰ ব্ৰত কৰে দিবা ৰাত্ৰি।
তপে তুস্ত ভৈলা পাছে মাতা হৈমৱতী॥ ২৫৯