সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শ্ৰীবৎস চিন্তাৰ বনবাস

ৰক্ষ তাল বেতাল বান্ধৱ দুই জন।
অপাৰ সাগৰে মৰোঁ কৰাঁহে তাৰণ॥ ২৩৯
হয় প্ৰিয়ে চিন্তাৱতি মোহোৰ কপালে।
চক্ষুৱে দেখিবে তোক নপাইবোঁ ইকালে॥
তান নৌকা মাজে থাকি চিন্তা পতিব্ৰতা।
আচম্বিঁতে কান্দি উথে শুনি স্বামীকথা॥ ২৪
জৈসানী ৰাজাক পেলাৱন্ত সদাগৰি।
তাল যে বেতাল আসে নীদ্ৰাৰূপ ধৰি॥
তালে বক্ষে কৰে চক্ষু বেতাল ভৈল ভেলা।
উতি উতি যান্ত যেন সিমলুৰ তুলা॥ ২৪১
অনন্তৰে বহুকাল ঘোৰ নিদ্ৰা ধৰি।
উতি বুৰি পাইলা গৈয়া সৌতিৰ নগৰি॥
সৌতিপুৰে বাহুদেব নামে নৰপতি।
ভদ্ৰাৱতি কন্যা তান অতি ৰুপৱতি॥ ২৪২
হৰগৌৰী আৰাধন্ত স্বামীৰ কামনা।
নিত্য পুষ্প যোগাৱন্ত মালিৰ ললনা॥
অনেক কালৰ শুষ্ক আছিল উদ্যান।
জলৰ আস্ফালে পৰি থেকিলা ৰাজন॥ ২৪৩
নিদ্ৰা ভঙ্গ হৈয়া ৰাজা চাৰি দিসে চাইলা।
বিজলী সঞ্ছাৰে যেন পোহৰ কৰিলা॥
মৰা ফুল বৃক্ষ যত কতবা কালৰ।
শ্ৰীবৎসৰ আগ মনে ফুলিল সত্বৰ॥ ২৪৪