পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
শ্ৰীবৎস চিন্তাৰ বনবাস

মালতি মধাই চাম্পা ফুল নাঁগেশ্বৰ।
অসোক কিংশুক আৰু কেতকী তগৰ॥
বকুল বন্দুলী যুতি ভৈলা জাতিস্কাৰ।
দিব্য উপবন যেন বসন্ত কালৰ॥ ২৪৫
আগতো অধিক শোভা বাঢ়িল ৰিস্তৰ।
তাৰ মাজে বসি ৰাজা আছে একলসৰ॥
কৰ্ম্ম হন্তে মালিনি আসিলা যেবে ঘৰে॥
অদভূত দেখি মনে ভাবিছে অন্তৰে॥ ২৪৬
কিনু দেৱ মায়া ইটো আচৰ্য্য কাহিনী।
কুসুম উদ্যানে শীঘ্ৰ পশিলা মালিনি॥
হেনকালে দেখিলন্ত পুৰুস সুন্দৰ।
বসি আছে বৃক্ষতলে কন্দৰ্প আকাৰ॥ ২৪৭
সভয় অন্তৰে তাই যুৰি দুই কৰ।
কহিছে বিনয় বাক্যে আগে নৃপবৰ॥
দেৱ কি মনুস্য তুমি কহিয়ো যুগুত।
সসধৰ আসি কিবা আছাইথানত॥ ২৪৮
মালিনীৰ বানী শুনি কহে নৰৰাজে।
বহুদুৰ হন্তে আসোঁ ৰাণিজৰ কাজে॥
সাগৰ গৰ্ভত তল গৈলা নৌকাখানি।
ভাগ্যে প্ৰাণে নমৰিলো সুনিয়ো মালিনী॥ ২৪৯
দেৱ ৰাক্ষস আমি নোহো অন্য জন।
মনুচ্যত জন্ম লৈলো মনুস্য গনন॥