পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
শ্ৰীবৎস চিন্তাৰ বনবাস

কত মাস অন্তে সুনা ধৰ্ম্ম মহাসন্ত।
দুস্ত সদাগৰ সেহি ঘাটে দিয়া যান্ত॥
তিৰহন্তে দেখি ৰালা মাতিলা সমিপে।
কহিচন্ত ৰাজা তাংক অতি পৃয় বাক্যে॥ ২৩৪
এই যে আচন্ত মোৰ বহু স্বৰ্ণ পাট।
যদি দয়া আছে লহ তোহোৰ নৌকাত॥
সুবৰ্ণৰ পাট বিকি যদি পাঁও ধন।
তেবেতো বিনলে তৰোঁ সুনা মহাজন॥ ২৩৫
বজাৰ বিনয় বানী শুনি সদাগৰ।
কিংকৰক আদেশীয়া অনাইলা সত্বৰ॥
হৃস্ত মনে নৰপতি ডিঙ্গাত উঠিলা।
সুবৰ্ণৰ পাট মানে কিংকৰে তুলিলা॥ ২৩৬
পাপিস্ত পাষন্দ যত সেহি সদাগৰ।
পূৰ্ব্বতো কৰিছে সিটো চিন্তাক অন্তৰ॥
পাছে দুৰাচাৰ মনে আলছ পাতিল।
আমাৰ ভাগ্যত ধন অনেক মিলিল॥ ২৩৭
ইহাংক বধিয়া যত স্বৰ্ণপাট লৈবোঁ।
দুৰ ৰাজ্যে নিয়া তাংক বিকিয়া আনিবোঁ॥
এতেক আলচ পাতি দুস্ত দুৰাচাৰে।
ৰাজাক ঠেলীয়া দিলে গভিৰ সাগৰে॥ ২৩৮
অপাৰ সাগৰে পৰি ৰজা তেতিক্ষন।
ত্ৰাহি হৰি জনাৰ্দ্দন দাকে ঘনে ঘন॥