পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শ্ৰীবৎস চিন্তাৰ বনবাস।

বজাৰত কাস্থ বিকি সবে লৈলা ধন।
কেহোবা বিচাৰি লৈল খাদ্য প্ৰয়োযন॥
চন্দনৰ খৰি লৈয়া শ্ৰীবৎসৰাজন।
বেছিবাক যান্ত পাছে বনিক সদন॥ ১৬৬
দিব্য সাৰ চন্দনৰ দেখি সদাগৰ।
উচিত গনিয়া মূল্য দিলন্ত সত্বৰ॥
তঙ্কা দুই চাৰি ৰাজা কাস্থ বেছি পাইলা।
ভাল ভাল খাদ্য যত সামগ্ৰি কিনিলা॥ ১৬৭
আতব তন্দুল আৰু মণ্ড ঘৃত ছিনি।
শাক মৎস তৈল্য আদি লৈলা ভাল জানি॥
অনেক উত্বম দ্ৰব্য আনি নৰপতি।
গৃহত যোগাইল নিয়া চিন্তাৰাণী প্ৰতি॥ ১৬৮
আৰু কহিলন্ত ৰাজা মধুৰ বচন।
কাথুৰিয়া লোক সব কৰোঁ নিমন্ত্ৰঁন॥
সন্তোষ ভৈলন্ত সুনি চিন্তা পতিব্ৰতা।
অম্লান বদনী ৰামা সদা হৰ্ষযুতা॥ ১৬৯
ৰন্ধন কৰন্ত ৰাণী বিবিধ প্ৰকাৰ।
স্নান অন্তে ৰাজা আসি দেখিলা সত্বৰ॥
কাথুৰিয়া লোক তৈতে ষতেক আচিল।
ভোজন কৰিবে লাগি মাতিয়া আনিল॥ ১৭০
সুদ্ধ সিত্বে দেন্ত আনি অন্ন যে বেঞ্জন।
ভোজনে তৃপিতি ভৈল সবাকাৰ মন॥