পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
শ্ৰীবৎস চিন্তাৰ বনবাস।

আমা সাৰ সঙ্গে কাষ্ঠ প্ৰত্যহ আনিবা।
নিজ কৰ্ম্মে থাকি কিছু কস্ত নাহি পাবা॥ ১৬০
তাসম্বাঁৰ বাণী সুনি নৃপতি থাকিলা।
ভাল বুলি এহি হৌক উছিত কহিলা॥
অনন্তৰে সেহিথানে থাকি দুইজন।
ৰহিলা গুপুতে ৰাজা নীৰানন্দ মন॥ ১৬১
প্ৰতিবাসি নাৰি যত গ্ৰামত আছিলা।
চিন্তাৰ বিনয় বাক্যে সবে বস ভৈলা॥
হিতবাক শাস্ত্ৰ কথা কৰান্ত শ্ৰবন।
সুনি আনন্দিত হোন্ত যত নাৰিগণ॥
চতুৰ্পাষে ৰামাগণে আবৰি থাকয়।
তাৰাৰ মাজত যেন চন্দ্ৰমা সোভয়॥
উথিয়া প্ৰভাতে যত কাঠুৰিয়াগন।
নৃপতিক দাক দিয়া বোলে যাওঁ বন॥ ১৬৩
তাসম্বাঁৰ সঙ্গে ৰাজা কৰন্ত গমন।
প্ৰবেস ভৈলেক গৈয়া কাস্থৰ কাৰন॥
কাস্থ কাটি বোজা বোজা কৰিয়া বন্ধন।
ফল মুল খুজিবে লৈলন্ত ঘোৰ-বন॥
হেন দেখি শ্ৰীবৎস মনত কৰি সাৰ।
বাছি বাছি লৱে সব কাস্থ চন্দঁনৰ॥
সাৰিহুয়া চলিজান্ত কাস্থ সাঙ্গি কৰি।
নৃপতিও জান্ত চলি লৈয়া যত খৰি॥ ১৬৫