পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
শ্ৰীবৎস চিন্তাৰ বনবাস।

পিয়ূষ সমান অন্ন ভুঞ্জি সৰ্ব্বজন।
ধন্য ধন্য কৰি যান্ত কাঠুৰি ভবন॥ ১৭১
মিষ্ট বাক্যে সবাহাঙ্কো দিলন্ত বিদাই।
পাছতে ভুঞ্জয় নৃপ হৃস্তচিত হুই॥
হেন মতে সুখে দুখে আচন্ত তথাত।
শুনিয়োক কুরুপতি লিখন ললাত॥ ১৭২
বানিজ্য কাৰণে এক আসি সদাগৰি।
দৈবেতে আটক ভৈল ঘাটে তাৰতৰি॥
হথাৎ কাৰে নৌকা তান লাগিলা বাল্লিত।
হাহাকাৰ কৰে সাধু যেন বৰ্জ্ৰঘাত॥ ১৭৩
হেনকালে দেখা হে দৈৱৰ ঘতন।
গ্ৰহবিপ্ৰবেসে সনি দিলা দৰশন॥
কাঁধে পাঁজি পুথি লৈয়া দৈবগ্যঁৰ বেশ।
সাধুৰ মঙ্গলবৰ্তা কহন্ত অসেষ॥ ১৭৪
কিবা দুখে কান্দা হেৰা স্থিৰ কৰা মন।
হেন বা বিপদ তোৰ ভৈল কি কাৰন॥
আদিত্যাদীগ্ৰহা সৰ্ব্বে কিছু নাহি দোষ।
ৰৰিসূত সনি মাত্ৰ কৰন্ত আক্ৰোষ॥ ১৭৫
জৈসানী অসিলা তুমি বাণিজ্য কাৰন।
সতি নাৰি সনি পুজা কৰিলা হেলন॥
ধুপ দিপ গন্ধে পুষ্পে পুজি লন্ত সতী।
প্ৰসাদ নলৈয়া তুমি আস সিঘ্ৰগতি॥ ১৭৬