পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
শ্ৰীবৎস চিন্তাৰ বনবাস।

পূৰ্ব্বয়তে ফল মুল তথাত নপান্ত।
অৰণ্য তেজিয়া ৰাজা নগৰত যান্ত॥
নগৰ দক্ষিণ দিসে প্ৰৱেশ কৰিলা।
সত সত গৃহ তৈতে পথত দেখিলা॥ ১৫৫
কাথুৰিয়া লোক সেহি কানন নিকতে।
কাষ্ঠ বেচি পোষ যান্ত পুত্ৰ নাৰি সৈতে॥
আস্ৰয়ক মনে ৰাজা আগ বাঢ়ি যান্ত।
দেখন্তে আচ্ছাস বাক্যে পুচন্ত তৰিত॥ ১৫৬
কৈৰ হন্তে আসি আছাঁ তুমি মহামতি।
আস্ৰয় বিহিন জনো কহা শীঘ্ৰগতি॥
বসি বাক লাগি আনি দিলা কুসাসন।
কহন্ত নৃপতি বসি নিজ প্ৰয়োযন॥ ১৫৭
মোৰ সম দুঃখিজন নাহি ত্ৰৈলোকত।
ফল মুল ভুঞ্জি আমি ভ্ৰমিলো বনত॥
আছিলো উত্বম জন সকলো নাসিলোঁ।
অদৃস্তর পাকে পৰি বনবাসে আইলো॥ ১৫৮
সঙ্গে মাত্ৰ ভাৰ্য্যা মোৰ সুনিয়ো আতাই।
তোমাৰা কৰহ দয়া তেবে ৰক্ষা পাই।
অনাহাৰে কস্ত পায় আসিলো ইথায়।
দুঃখি জন প্ৰতি দয়া কৰিবে যুৱায়॥ ১৫৯
ৰাজাৰ কাৰুণ্য সুনি দয়া উপজিলা।
থাকিয়োক বুলি সবে আচ্ছাস কৰিলা॥