পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
শ্ৰীবৎস চিন্তাৰ বনবাস।

মহালক্ষ্মী হৰি পৃয়া বাঞ্ছাঁ কৰি মনে।
দ্বিজ চাৰুচন্দ্ৰে ভনে চিন্তি নাৰায়নে॥ ১৪৯


কাঠুৰিয়া গৃহে ৰাজাৰ ষ্ঠিতি
ও চিন্তা হৰণ।

আঁত অনন্তৰে সুনা কৌৰবৰ পতি।
বুলিবে লাগিল ৰাজা চিন্তা ৰাণী প্ৰতি॥
যতেক কহিলে শনি যথাৰ্থ ফলিলে।
ৰাজ্য নাশ বনবাস মনস্তাপ দিলে॥ ১৫১
অন্তৰে জলিছে প্ৰিয়ে কোন ষ্ঠানে যাব।
নিজ কৰ্ম্মাৰ্জিত পাপ অৱস্যে ভুঞ্জিব॥
আমাৰ কুদিন ভৈল নোহয় খন্দন।
নহে কিয় দন্দ কৰি আসিব দুজন॥ ১৫২
ভাল মন্দ দোষ যত জানে গদাধৰ।
আমাৰ একান্ত ভাৰ তাঁহাৰ ওপৰ॥
যুগল চৰণে ভক্তি থাকোক সম্প্ৰঁতি।
নিজ ভাগ্যে সুখ দুঃখ কি দোষ শ্ৰীপতি॥ ১৫৩
সদা চিন্তা কৰি ৰাজা অৰণ্যে ভ্ৰমন্ত।
ফল মুল খান্ত কতো উপবাষে যান্ত॥
ধৰ্ম্ম কৰ্ম্ম সুমৰন্তে ক্লেশ বৰ পাই।
হেন মতে সপ্ত বৰ্ষ দিন অস্ত যাই॥ ১৫৪