পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
শ্ৰীবৎস চিন্তাৰ বনবাস।

মালতিৰ গন্ধে ৰত মধুকগণে।
পাঞ্ছ সুৰে গীত গান্ত কোকিল সুজনে॥ ১৪৩
ৰাজহংস ঝাকে ঝাকে কেলি কৰে জলে।
জাহাক প্ৰশংসা কৰে অমৰ সকলে॥
যথাত আচন্ত মহা সিদ্ধ মুণিগণ।
দৰ্শনে আনন্দ বৰ শ্ৰীবৎস ৰাজন॥ ১৪৪
সেহি বনে চৈত্ৰ ধজ মুনিৰ আশ্ৰম।
কত কাল ৰহিলন্ত কৰিয়া বিশ্ৰাম॥
সুনিওক হৰি কথা কত কাল জিবা।
হৰিক নভজি অস্তে নৰকে পৰিবা॥ ১৪৫
ধন জন মৰনে সকলো ৰৈবেপৰি।
কেৱল জাবেক মাত্ৰ সঙ্গি কিছু খৰি॥
তাংক ঘোৰ অগনিত কৰিবন্ত চাই।
সমনে সদনে মাত্ৰ হৰিষে উপাই॥ ১৪৬
সময় থাকন্তে হৃদে চিন্তিয়োক কাম।
সুখে দুঃখে নচাৰোক ৰামকৃষ্ণ নাম॥
বনপৰ্ব্ব মধুৰ অমৃত ইতিহাস।
যাহাংক শ্ৰবণে কলুষ হোৱে নাস॥ ১৪৭
পৰম অজ্ঞাণী মই দিজ শিশু মতি।
নজানোহো পদ চন্দ নজানো মিনতি॥
চিদানন্দ ময়ি দেবী কমল লোচনী।
দৰিদ্ৰতা বিনাসিনী বিস্তুৰ ঘূৰিণী॥ ১৪৮