পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
শ্ৰীবৎস চিন্তাৰ বনবাস।

দয়াময় হৰি তুমি অগতিৰগতি।
নিজগুণে ৰাখিয়োক ওহে জগত পতি॥
স্তবেতুস্ত হৈয়া পাছে দেৱ চক্ৰপাণী।
ভয় নাহিকন্ত বুলি ভৈলা দৈববাণী॥ ১৩৮
থাকিয়োক অৰণ্যত নিৰ্ভয় অন্তৰ।
কতদিন অন্তেহৈবা ৰাজ্যৰ ইস্বৰ॥
সেহি বেলা দিনমণি প্ৰভাত আকাসে
সূবৰ্ণ কিৰণ ঢ়ালি কানন প্ৰকাশে॥ ১৩৯
অভয় দিলন্ত হৰি থাকি বিমানত।
ধিৰে ধিৰে জান্ত ৰাজা ঘোৰ অৰণ্যত॥
শাল তাল তমাল চন্দন দেবদাৰু।
খেৰ্জুৰ বদৰি বৃক্ষ পাৰলী অগৰু॥ ১৪০
আম জাম কঠাল তাম্বুল নাৰিকল।
কদম্ব শীৰিষ কতো নানাযাতি ফল॥
মনুষ্য দুৰ্গম ষ্ঠান কেবলে দুজন।
পঞ্চঁবতী বনে যেন শ্ৰীৰাম লক্ষ্মন॥ ১৪১
দিৰ্ঘি সৰোবৰ কত আচস্ত প্ৰকাশি।
ফুলি আছে পদ্মঁ ফুল যেন চন্দ্ৰঁমুখি॥
চাম্পাঁ নাগেশ্বৰ কাতা হোন্ত প্ৰস্ফূতিত।
গোলাপ মালতি যাঁতি কৰ ন্তসোভিত॥ ১৪২
নন্দন কানন যেন দেখি মনোহৰ।
হালি জালি ক্ৰিৰা কৰেসমে পবনৰ॥