পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীবৎস চিন্তাৰ বনবাস।

স্বামীৰ চৰণ সেবি থাকিয়া সুন্দৰি।
কতক্ষণে নিন্দ্ৰা গৈয়া ৰৈলা বৰনাৰী॥ ১৩২
হেন মতে ৰহিলন্ত ঘোৰ নিন্দ্ৰে পৰি।
নজানিলা আৰু কত আছে বিভাবৰি॥
অনন্তৰে সূৰ্জদেব অন্তগত ভৈলা।
ঘোৰ অন্ধকাৰ কৰি কানন ঢাকিলা॥ ১৩৩
বাঘ, সিংহ পালে পালে কৰন্ত ভ্ৰমণ।
খেতৰ খেটৰীকতো বিকত দসন॥
মৃগেন্দ্ৰ গজেন্দ্ৰ আৰূ ভালুক গন্দাৰ।
ঝাকে ঝাকে বিহাৰন্ত পশু ভয়ঙ্কৰ॥ ১৩৪
তাসম্বাৰ ঘোৰশব্দে চমকি উথিলা।
দুই হস্তে ৰাণিক যে সাবতি ধৰিলা॥
দৰসনে ভয়পান্ত শ্ৰীবৎস নৃপতী।
মনত বোলন্ত ৰক্ষা কৰাঁ যদুপতি॥ ১৩৫
নমো নমো বলি দৰ্পহাৰি চক্ৰধাৰি।
নমস্তে নৃসীংহৰুপী অসুৰ সংহৰি॥
কৃপাকৰা দিননাথ করুনা নিধান।
ইহেন সংকতে নাথ কৰাঁ পৰিত্ৰান॥ ১৩৬
গোবিন্দ গোপাল গদাধৰ ৰমাপতি।
সম্মুখ বিপদে মোক ৰাখিয়ো সম্প্ৰতি॥
মাধৱ মুকুন্দ মধুসোদন মুড়াড়ী।
নমস্তে নৃসিংহমুৰ্তি হিৰণ্যবিদাৰি॥ ১৩৭