তেবেষে জানিবি কিছু পৰিচয় দিবোঁ।
ৰাজ্য নাসি বন মধ্যে কত কি কৰিবোঁ॥ ১২১
ত্ৰেতাযুগে অবতাৰ পুৰ্ন্ন ৰামচন্দ্ৰ।
ভৰতক ৰাজ্য দিলো কৰিয়া প্ৰবন্ধ॥
ভাৰ্য্যা সমে খেদাড়িলো পঞ্ছঁবতী বনে।
হৰিনিলে তৈতে সীতা দুৰ্জ্জয় ৰাৱনে॥ ১২২
ৰাজ্য ধন স্বামী হেৰাই আমাৰ মন্ত্ৰনে।
সয়ং লক্ষ্মী সীতা গৈল অশোক কাননে॥
মোক অৱহেলি ইন্দ্ৰ স্বৰ্গ অধিকাৰি।
কত কাল ৰহিলন্ত ভগঅংগ ধৰি॥ ১২৩
আমি অল্পজন তুমি পৃথিবী ইশ্বৰ।
ইহাৰ উছিত শাস্তি ভুগিবি পামৰ॥
পৰ্ব্বত নৃপতি কন্যা মেনকা নন্দিনী।
দক্ষ যজ্ঞেঁ দেহ ত্যাগ মহেস ঘৰিণী॥ ১২৪
মোৰ সহে বিসম্বাঁদে আপুনি শ্ৰীহৰি।
কাতিলে মন্দাকি শিলা কৃমি ৰুপ ধৰি॥
গনেশৰ মুন্দ পাত হস্তিৰ যোৰন।
সৰ্ব্ব ঘতে ষ্ঠিতি মোৰ সৰ্ব্বত্ৰে গমন॥ ১২৫
দৈত্য বংসে বলিৰাজ ভৈলা মহা দৰ্প।
পাতালে কৰিলো বন্দি নাশ কৰি গৰ্ব্ব॥
সিংহাসনে শ্ৰেষ্ঠ বুলি লক্ষ্মিকে মানিলি।
কপতাচৰন কৰি মোক লাজ দিলি॥ ১২৬
পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
শ্ৰীবৎস চিন্তাৰ বনবাস।