পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শ্ৰীবৎস চিন্তাৰ বনবাস।

মোত দোষ নাহিকন্ত নিজে ভৈলি নাশ।
কৈত আছে লক্ষ্মি তোৰ বিচাৰিয়া চাস॥
একদৃস্তে চান্ত ৰাজা সভয় অন্তৰে।
চঞ্ছল ভৈলন্ত ৰাণী শৰিৰ শিহৰে॥ ১২৭
অলক্ষিতে প্ৰহাৰন্ত বাক্যবান চয়।
ওপৰত চান্ত ৰাজা কিছু নেদেখয়॥
তৈৰহন্তে অন্তৰিয়া অন্য বনে গৈলা।
কহিবোহো অনন্তৰে যেন মত ভৈলা॥ ১২৮
সুনিলন্ত যেবে ক্ৰোধ সনিৰ বিস্তৰ।
অবলা হৃদয় অতি নাহি হয় ষ্ঠিৰ॥
নানা ষ্ঠান ভ্ৰমিলন্ত পৰ্ব্বত কানন
প্ৰবেশ ভৈলেক পাছে ছৈত্ৰধজ বন॥ ১২৯
গ্ৰিস্মঁ কালে অতিশয় ৰবিৰ কিৰন।
কাতৰ হৃদয়ে চিন্তা কৰে নিবেদন॥
দিব্য সৱোবৰ জল পদ্মঁ বিকষিত।
স্নান কৰোঁ এহিষ্ঠানে আছোঁহো ক্ষুধিত॥ ১৩০
হেন শুনি উভয়ে কৰন্ত তৈতে স্নান।
ইস্তগুরু তৰ্পণ কৰিলা সমাধান॥
বিচাৰি আনিলা তাত সুফল বদৰি।
তাহাংক ভুঞ্জিলা দুই স্ৰান্তি দুর কৰি॥ ১৩১
বৃক্ষতলে বসি ৰাজা ঘোৰনিন্দ্ৰা ভৈলা।
স্বামীৰ কাষতে ৰাণি বসিয়া ৰহিলা॥