পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীবৎস চিন্তাৰ বনবাস।

জলে জাম্পঁ দিৱোঁ কিবা অগ্নি জালি মৰোঁ
পাষানতো ধীক প্ৰান কোন হেতু ধৰোঁ॥
পোৰা মাছ বাছে হেন কৈতয়াছ সুনি
কিমতে বিচ্ছাস কৰিবন্ত নৃপমণী॥ ১১৬
দাৰুণ সোকত কান্দে হিয়ে মুস্তি হানি।
ধৰিবে নোয়াৰে প্ৰান সহজে ৰমণী॥
ৰাজা আসি বোলে প্ৰিয়ে ক্ষুধা পাইল বড়।
মিন পোৰা দেহ চিন্তা বিলম্ব নকৰ॥ ১১৭
হেন শুনি ৰাণি শোকে নধৰন্ত হীয়া।
উছুপী উছুপী কান্দে গালে বস্ত্ৰ দিয়া॥
কিবা দিবো প্ৰাননাথ মোৰ কৰ্ম্মদোষে।
পোৰা মৎস হেৰুয়াইলো সবোবৰে সেষে॥ ১১৮
ৰাজা বোলে বুঝি কান্দ ইহাৰ কাৰন।
নাজানহ দুস্ত শনি কৰিছে দংসন॥
আত অনন্তৰে সুনা ধৰ্ম্মৰ তনয়।
আকাশৰ পৰা শনি বাক্য প্ৰহাৰয়॥ ১১৯
সুন ঐৰে নৰাধম অধম দুৰ্জন।
হৰিলোহো মৎস আমি সুৰ্যৰ নন্দন॥
আমি চোত লক্ষ্মী বৰ কহিলা ভূপতি।
কৈত গৈল লক্ষ্মী তোৰ কহ পাপমতি॥ ১২০
সত্যবাদি জিতেন্দ্ৰীয় জানি তোৰ থানে।
কৰিলি বিচাৰ হেন কাৰ সহে প্ৰানে॥