পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীবৎস চিন্তাৰ বনবাস।

প্ৰচন্দ ৰবিৰ তাপ ঘনে বজ্ৰপাত।
কতেক কহিবো তাত সনিৰ প্ৰতাপ॥ ৬৭
ধুৱলী কুঁৱলী যেন নাহি দিবা ৰাতি।
আচম্বিতে পৰি মৰে ঘোৰা আৰু হাতি॥
পাত্ৰ মন্ত্ৰী সকলোৰে বিষাদ মিলিলা।
নৃপতি সৰিৰে যেন অগনি জলিলা॥ ৬৮
নু ৰুচয় অন্নপানি নীদ্ৰা নাহি হয়।
অনুক্ষনে নেত্ৰৰ লোতক বহি চয়॥
দ্বিজ ব্ৰাহ্মঁনক মাৰি ধন কাঢ়ি লয়।
তাংক দেখি নৃপতিৰ সৰিৰ ন সয়॥ ৬৯
দেশান্তৰি ভৈল ভয়ে পাত্ৰ মন্ত্ৰীগন।
একা ৰাজা কি কৰিবে সাৰথি বিহিন॥
অষ্ঠিৰ ভৈলন্ত এবে বিমল পৰানী।
পৃথিবিত পৰিয়া কান্দয় মহামানি॥ ৭০
কোন নো পাপর ফলে হৃদয় সালিলে।
ন জানোহো কোন দেৱে আমাক সাপিলে॥
সসাগৰা পৃথিবিৰ যিটো নৰপাল।
তাহাঁৰ দুৰ্গতি হেন লিখন কপাল॥ ৭১
হাহা প্ৰভু কৰ্ত্তা তুমি দৈবকি কুমাৰ।
কোন পাপ আচৰিলো চৰনে তোমাৰ॥
অজ্ঞাঁনত যদি নাথ অপৰাধি মই।
তাহাংক ধৰিবে প্ৰভু ওছিত নো হই॥ ৭২