পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
শ্ৰীবৎস চিন্তাৰ বনবাস

সত্য বিনে অস্যতত পাৱ নাহি দিলো।
সি কাৰণে ৰাজ্য নস্ত মনঃ কষ্ট পাইলো॥
নাহিকে ৰাজ্যত কাৰ্য্য অৰন্যে চলিবোঁ।
সনিৰ ৰাজ্যত ৰৈলে জীৱন হৰাইবোঁ॥ ৭৩
দাৰুন আবেগে ৰাজা চিন্তাক বোলয়।
কিবা হৈবে প্ৰান প্ৰিয়ে ন পাও উপায়॥
বাপ ঘৰে যাহ প্ৰিয়ে মই পষোবন।
ভ্ৰমিয়া সনিৰ ভোগ কৰোঁহো খন্দন॥ ৭৪
ললাতৰ ক্লেশ বিধি কৰে অবসান।
তেবে পুনৰ্ব্বাৰ প্ৰিয়ে হৈবে দৰিসন॥
বিজন অৰন্য মাঝে সিংহ বাঘ ঐৰি।
ৰজাৰ জিয়াই কেনে হৈবা বনাছাৰি॥ ৭৫
কণ্টক কাননে তোৰ সুকোমল কায়।
কেমনে বঞ্ছিবি কস্ত সহন নজায়॥
মাঁৱ বাপ ঘৰে বান্ধৈ থাকা এহি ক্ষন।
ভাগ্য যদি থাকে পুন হইবে মিলন॥ ৭৬
হেন শুনি বৰনাৰী পৰি চৰনত।
কি কহিলা প্ৰানেশ্বৰ নোহয় যুগুত॥
সুখহৌক দুঃখহৌক নীজ কৰ্ম্ম ফল।
পতি বিনে অবলাৰ আছে কি সম্বঁল॥ ৭৭
কায়াঁৰ লগত যেন চায়াঁৰ গমন।
চৰন সেবিবো দাসি থাকি অনুক্ষন॥