সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শ্ৰীবৎস চিন্তাৰ বনবাস।

আসিৰ্ব্বাদ কৰি দেবী নিজ স্থানে গৈলা।
শুনা পাছ কথা শ্ৰীবৎসৰ যেন ভৈলা॥
পূৰ্ব্বৱতে কত কাল আছে নৰপতি।
খোজন্তে ফুৰয় চিদ্ৰ শনি ক্ৰুৰমতি॥ ৬২
দৈবে একদিনা ৰাজা স্নানক কৰন্তে।
কৃষ্ণ বৰ্ণ কুঙ্কুৰ আসিলা অকস্‌মাতে॥
স্নান জল আসি সেহি কুঙ্কুৰে চাতিলা।
সেহি চিদ্ৰে ৰাজা দেহে সনি প্ৰবেসীলা॥ ৬৩
প্ৰবেশ ভৈলন্ত যদি সনি মহাশয়।
বুদ্ধি নাস মনস্তাপ দিনকে বাঢ়য়॥
অমঙ্গল নগৰত মিলয় সঘনে।
প্ৰজায়ে প্ৰজায়ে দন্দ কৰে অকাৰনে॥ ৬৪
সোঁনগুঁই সাংখীনি গৃহত বিৰাজয়।
অনাবাতে বৃক্ষ সব ওভলি পৰয়॥
গৃধ পক্ষি সব আকাসত বনাৱন্ত।
মুখ চাই ফেৰুগনে বিলাপ কৰন্ত॥ ৬৫
হাঁহাকাৰ নগৰত প্ৰতি ঘৰে ঘৰে।
অনাহাৰে বাল্য যুবা কতো কতো মৰে॥
ৰজায়ে প্ৰজাৱে দন্দ কৱিবে খোজয়।
ব্ৰাহ্মঁন সৎজন আৰু একো ন মানয়॥ ৬৬
দুস্ত কলি পাপ গ্ৰহ আশ্ৰয় লৈলেক।
সি কাৰনে এত মান বিপত্বি ভৈলেক॥