পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
শ্ৰীবৎস চিন্তাৰ বনবাস।

চাৰু সুষোভীত য়তি ঝলমল কান্তি।
অৰুনৰ ৰথ হেন দেখি হোৱে ভ্ৰান্তি॥ ৫৬
বামে ৰজতৰ আৰু দক্ষিনে সুবৰ্ণ।
সুকোমল বস্ত্ৰ দিয়া কৰে আচ্ছাদন॥
মধ্যভাগে সিংহাসনে আপুনি বসয়।
হেন কালে উপস্থিত দুই মহাশয়॥ ৫৭
সিংহাসন হস্তে উথি প্ৰনাম কৰিলা।
তুস্ত হৈয়া দুয়োজন আসনে বসিলা॥
ৰজত আসনে শনি আপুনি বসিলা।
স্বৰ্ণাসনে লক্ষ্মী দেবী কেঁৱে নজানিলা॥ ৫৮
পাছে শনৈশ্বৰে বোলে সুনহে শ্ৰীবৎস।
তোমাৰ পাষত আইলো কৰিয়া বিচ্ছাস॥
মহীপাল শ্ৰেষ্ঠ তুমি জানো সত্য ভাষি।
আমাসাৰ কোন শ্ৰেষ্ঠ কহিয়ো প্ৰকাশি॥ ৫৯
সত্য কথা কহিয়োক কোন মান্যৱ্যন্ত।
হেন শুনি ভয়ে ৰাজা দিলন্তসি ধাস্তু॥
বামে বৈসে সাধাৰন প্ৰধান দখিনে।
কমলা হোৱন্ত শ্ৰেষ্ঠ স্বৰ্ণ সিংহাসনে॥ ৬০
ন্যায় ধৰ্ম্ম দেখিয়োক আসনে বিচাৰি।
প্ৰকাৰে বুলিলা ৰাজা বচনে সাদৰি॥
সিংহাসনে দৃষ্টি কৰি ম্লান মুখ ভৈল।
সভা হন্তে মহা ক্ৰোধে শনি চলি গৈলা॥ ৬১