পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শ্ৰীবৎস চিন্তাৰ বনবাস।

যুদ্ধিষ্ঠিৰ বদতি কহিয়োক গদাধৰ।
কিবা কৰ্ম্ম ৰুৰিলন্ত পাছে নৃপবৰ॥
প্ৰভাতে আসিয়া শনি কোন কৰ্ম্ম কৈল।
শুনিবাক ইচ্ছা যাই কহিয়ো সকল॥ ৫২
মোৰা পঞ্চঁ পান্দবৰ তুমি মাত্ৰ গতি।
বাৰে বাৰে সংকতত তাঁৰা যদুপতি॥
পাপি দুৰ্য্যোধন ৰাজা কপট আচৰি।
ৰাজ্য দন্দ কাঢ়ি নিলে ভৈলো বনাচাৰি॥ ৫৩
এক বাস ৰজস্বলা দ্ৰোপদ জিয়াৰি।
সভামাঝে লাজ দিলে কৰি অনাছাৰি॥
সিসব দুঃখক স্মঁৰি সৰিৰ দগধ।
কোন কালে সুজিবোহোঁ তাৰ প্ৰতিসোধ॥ ৫৪
আত অনন্তৱে যেন যি ভৈল প্ৰভাতে।
কহন্ত পান্দৱ আগে শুনা সভাষদে॥
সৰ্য্যা ত্যাগ কৰি ৰাজা স্নান কৰিলন্ত।
দেৱতা বিপ্ৰক ভক্তিভাৱে পুজিলন্ত॥ ৫৫
পাত্ৰ পাৰিসদ সমে সভা পাতি ৰৈলা।
স্বৰ্ণ ৰৌপ্য দুই খান আসন য়নাইলা॥