পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
শ্ৰীবৎস চিন্তাৰ বনবাস।

নমো বাগ্বাদিনি,  বাক্য-প্ৰদায়িনী,
 মূৰ্খ-দোষ-বিনাসিনী।
উচ্চ নিতম্বিনী, ঈসত হাসিনি,
 স্বেত-পদ্মঁ-নিবাসিনি॥ ৪৭
নমো মা সাৰদা, বৰভয়প্ৰদা,
 জ্ঞানদা ভকতিপ্ৰদা।
যাৰ পদে আস, কৰি কালিদাস,
 লোকত প্ৰষিদ্ধ সদা। 8৮
প্ৰভু বিস্বনাথ, কৰোঁ যোৰ হাত,
 তুমি বিনে য়ান নাই।
জগত-নায়ক, অনাথ জনক
 চৰত দিয়া থাই। ৪৯
কৰা মোক দয়া, দিয়াঁ পদ চাঁয়া,
 জুৰাক তাপিত হিয়া।
মোৰ হৃদয়ৰ, এন্ধাৰ গুচাই,
 জ্ঞানৰ পোহৰ দিয়া।৫০
শ্ৰীবৎস চৰিত, বৰষে অমৃত,
 তৃপ্তি হৌক পান কৰি।
কহে চাৰুচন্দ্ৰে, দুলাড়ি প্ৰবন্ধে,
 দাকি বোলা হৰি হৰি॥ ৫১