সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

দুলড়ি।


অন্তেষ পুৰত—  ৰাজ পটেশ্বৰি,
 চিন্তাৰ পাৰত গৈলা।
আকাশি চৰগ, মাথাত পৰিল,
 মৌন হুয়া বসি ৰৈলা॥ ৩২
বাৰি সাৰ শশি,  যেহেন দাৱৰে,
 খণ্ডেকে ঢাকিলা আষি।
সৰিৰ বিবৰ্ণ, বিৰষ বদন,
 চিন্তা সাগবত ভাষি॥ ৩৩
আথে বেথে ৰাণী,  চামৰ দোলায়ে,
 তাম্বুঁল কৰ্পূৰ দিলা।
অমৃত মধুৰ, কোমল গম্ভিৰ,
 বচন বুলিবে লৈলা॥৩৪
তব মুখ দেখি, প্ৰান জায় ফুতি,
 কিনো ভৈল অথন্তৰ।
কিনোঁ অভাগিয়ে,  দোষ আছৰিলো,
 কহিয়োক প্ৰানেশ্বৰ।৩৫
না জানি অপায়,  কিবা ভৈল হাঁয়,
 ব্ৰাহ্মঁন বিতুষ্ট ভৈল।
বিষম কাৰন,  কোন শত্ৰু আসি,
 নগৰে প্ৰবেশ কৈল॥৩৬