পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীবৎস চিন্তাৰ বনবাস।

আন দিন নাথ, হৰ্ষিত বদনে,
 আসা প্ৰভু মোৰ স্থানে।
আজি কিয় নাথ,  মৌনে বসি ৰৈলা,
 কিবা দুখ তযু মনে॥৩৭
চিন্তাৰ কৰুন, শুনিয়া ৰাজন,
 কহন্ত যি ভৈল কথা।
কমলাৰ সাথে, শনি দ্বন্দ কৰি,
 আসিলন্ত মোৰ হেথা॥৩৮
কোন জন শ্ৰেষ্ঠ, দোহাৰ মাজত,
 বিচাৰি কহিবে লাগে।
ৰজনী প্ৰভাতে,  ডাকি পথাইলো হোঁ
 ন জানি কি য়াছে ভাগ্যে॥৩৯
জগতৰ মাতা,  বিষ্ণুৰ ঘৰণী,
 জাক দেৱে তুতি কৰে।
যাহাঁৰ কৃপায়,  মোক্ষ নৰে পায়,
 মহা লক্ষ্মি বাস কৰে॥৪০
জাই যাক প্ৰান,  তথাপিতো আন,
 অসত্য নোবোলো মই।
কিন্তু শনি কোপে,  পৰিবোঁ নিচ্ছয়,
 নপাও তাৰ উপাই॥৪১
শুনি চিন্তা সতী,  কহে স্বামী প্ৰতি
 জানি লো পাইলে কাল।