পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
শ্ৰীক্ষেত্ৰ।

অন্ত পৰিল। কাল অন্ত হলেই স্থানান্তৰ হবই লাগিব; ই অনিবাৰ্য্য। সাংসাৰিক লোকে যেনেকৈ সংসাৰ এৰি মৃত্যুৰ মুখত পৰিবলৈ ভয় কৰে তেনেকৈ শ্ৰীক্ষেত্ৰ এৰি অহা কথাই আমাৰ মন চিন্তিত কৰিলে। উপায় নাই, যাবই লাগিব। উপায় নাই, যাবই লাগিব। মানৱ দেহত যেনেকৈ জীৱাত্মাই পৰমাত্মাক ভক্তিৰে বান্ধি ৰাখে তেনেকৈ হৃদয় আসনত প্ৰভু জগন্নাথ বিষ্ণু দেৱক বহুৱাই শ্ৰীক্ষেত্ৰৰ স্থান আৰু জল বায়ু এৰিবলৈ সংঙ্কল্প কৰা হল। একমাত্ৰ মনত দুখ হল যে জগন্নাথৰ উল্টা ৰথ দেখা নহল। সময় চমু চাপিল।

 ২৩ জুলাই শনিবাৰে কলিকতা বুলি ৰাওনা হবলৈ স্থিৰ কৰা হল। আমাৰ যোৱাৰ কথা পাণ্ডাক জনোৱা হল। সকলো যেতিয়া ঠিক ঠাক হল তেতিয়া শ্ৰীযুত বাসুদেৱ মহাপাত্ৰ আৰু শ্ৰীযুত শ্যামসুন্দৰ মহাপাত্ৰ দুজনেই অনুগ্ৰহ কৰি আমাৰ বাঁহা ঘৰলৈ আহি আমাক সুফল দিলে। আমি ৰূপ ৪৲ টকা আৰু ৪ খন গামোছা দি সুফল ললে। তেওঁলোকে আমাক মালা নিৰ্ম্মালি প্ৰসাদ আদি দি আশীৰ্ব্বাদ কৰিলে। পিচে ডাঙৰ লৰাটিয়ে তেওঁলোকৰ ফটো তুলিলে। ফটো তোলাৰ পাচত তেওঁলোক ঘৰলৈ গল। আমি গধূলিৰ গাড়ীত কলিকতালৈ যাব ওলালোঁ। বাহাৰ পৰা ওলাবৰ সময়ত দবা পিতা বৰষুণ। ঘোঁৰা গাড়ী আহি পালে। বস্তুবাৰী তোলা হল। প্ৰভু জগন্নাথক সেৱা কৰি গাড়ীত উঠি ষ্টেচনলৈ আহিলোঁ। টিকিট কিনি ৰেলত উঠিলোঁ। এনেতে এজন মানুহে জগন্নাথ মন্দিৰৰ এখন প্ৰকাণ্ড ছবি বেচিবলৈ অনাত দু অনা পইচা দি ছবিখন কিনোঁ। ছবিখন