পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শ্ৰীক্ষেত্ৰ।

ভাষাৰ বিজ্ঞাপন কৈ? আমি অসমীয়া মানুহ। আমাক অসমীয়া ভাষাৰ বিজ্ঞাপন দেখুৱালে ভাল হয়।” তেতিয়া পাণ্ডা জনে কলে “অসমীয়া বুলি এটা ভাষা আছে নে? অসমীয়া মানুহ আছে, ভাষা থকাতো শুনা নাই।” ভাগ্যে মোৰ জেপত এখন অসমীয়া পুথিৰ পাত আছিল, তাকে দেখুৱালোঁ। তেতিয়াহে তেওঁ পাতিয়ালে যে অসমীয়া ভাষাও আছে। মই কলোঁ “আগলৈ অসমীয়া ভাষাতো বিজ্ঞাপন এখন দিব।” পাণ্ডাজনে কলে “আপোনালোকে যত্ন কৰিলে দিব পৰা হব।” মই মনে মনে ভাবিলোঁ পুৰীৰ পৰা গৈ এখন অসমীয়া ক্ষেত্ৰৰ বিবৰণ লিখিব পাৰিলে বেয়া নহয়। পিচে নিৰ্দ্ধাৰিত মাছুল দি আমি ভোগ ঘৰৰ ভিতৰ সোমাই সকলো তন্ন তন্ন কৰি চালোঁ। চৌকা, আখা, চৰুহাৰি, পতা পাতকো আদি কৰি সকলো চালোঁ। চৌকাবোৰ ওখ ওখ শিলৰ পাতেৰে গঁঠা। একোটা চৌকাত তিনি থাক চৰু পাতি দিয়ে। জুই এফালৰ পৰাহে দিয়ে। চৌকাৰ বিৰাত আয়োজন দেখি আচৰিত লাগিল। জগন্নাথৰ চৌকাৰ গঠন আৰু প্ৰণালী দেখি বৰ্ত্তমান যুগৰ ইক্‌মিক্‌ কুকাৰৰ কথা মনত পৰিল। বৈজ্ঞানিক ইক্‌মিক্‌ কুকাৰৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰা ভাৰতত চলি আহিছে। এইদৰে মেঘনাদৰ ভিতৰখন সম্পূৰ্ণ দৰ্শন কৰি বজাৰ হাট চাব ধৰিলোঁ। বজাৰ হাট চোৱাৰ লগে লগে লৰা ছোৱালীহতেঁ পুৰীৰ চিন স্বৰূপে দুই চাৰিবিধ বস্তু বাহানিও কিনিলে।

 শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য আৰু গৌৰৱ অনুভৱ কৰি এমাহ কাল