পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
শ্ৰীক্ষেত্ৰ।

অতি সুন্দৰ। সদায় দৰ্শন কৰিবলগীয়া। ওৰে নিশা আহি ৰাতি পুৱা ৬ বজাৰ কলিকতা পালোঁ। কলিকতা পাই এখন ভাল হোটেলত উঠিলোঁ। আমি কলিকতা পাবৰ পাচ দিনা উল্টা ৰথ। যি ঠাইত উঠিলোঁ তাৰ কাষতে উল্টা ৰথৰ মেলা বহিল। আমি থকা ঘৰখন ৪ তালা। তাৰ ওপৰৰ পৰা পুৰীত ৰথ দৰ্শন কৰাৰ দৰে ইয়াতো উল্টা ৰথ দৰ্শন কৰিলোঁ। সকলো প্ৰভুৰ ইচ্ছা, পুৰীৰ পৰা আহোঁতে মনত দুখ কৰি আহিছিলোঁ যে উল্টা ৰথ দেখা নহল। ভগৱন্তে ইচ্ছা পূৰ্ণ কৰিলে। কলিকতাতো ঠিক পুৰীৰ নিচিনা উল্টা ৰথৰ আয়োজন দেখি আমাৰ আনন্দৰ সীমা নোহোৱা হল।

 কলিকতাত আমি সাত দিন আছিলোঁ। এই সাত দিনৰ ভিতৰত কলিকতা নগৰৰ চাবলগীয়া সকলো চালোঁ। সৰু সৰু লৰাছোৱালী লৈ খোজ কাঢ়া টান দেখি ট্ৰামত ফুৰিবলৈ মন কৰিলোঁ। এবাৰ ট্ৰামত উঠিয়েই দেখা গল উঠা নমা সহজ নহয়। পিচে দৈনিক ৮ ঘণ্টাকৈ চলোৱা বন্দবস্ত কৰি ৮৲ টকা ভাৰাত এখন মটৰ ভাৰা কৰি ললোঁ। তিনি দিনতে এই মতৰেৰে কলিকতা চাই চিন্তি অন্ত কৰিলোঁ। চিৰিয়াখানা, যাদুঘৰ, বোটানীকেল গাৰ্ডেন, ইডেন গাৰ্ডেন, লেইক, ভিক্টোৰিয়া হল, হাইকোৰ্ট, পৰশনাথ মন্দিৰ, নিমতলা, গঙ্গাৰ পাৰ, জাহাজ ঘাট, নিউ মাৰ্কেট, প্ৰধান প্ৰধান বজাৰ, আলিবাট, কালিঘাট, দক্ষিণেশ্বৰ, হাওৰা, বেলুৰ মঠ আদি সকলো চোৱা হল।

 এইবোৰ দেখি শুনি এদিন মিনাৰ্ভা থিয়েটাৰ ঘৰত “গয়াতীৰ্থ”