পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
শ্ৰীক্ষেত্ৰ।
 

 এই নবযৌবনৰ পাচত দ্বিতীয় দিন আহিল ৰথযাত্ৰা। ৰথত মানুহৰ অত্যন্ত ভিৰ। আমি পাণ্ডাৰ পৰামৰ্শ মতে সিংহদ্বাৰৰ কাষত চাৰি তালা ঘৰ এখনৰ চাতৰ ওপৰত ১০৲ টকা বন্দৱস্তত এডোখৰ ঠাই ঠিক কৰি ললোঁ। তাতে বহি সকলোটিয়ে ৰথৰ কাৰ্য্য কলাপ সুন্দৰৰূপে দৰ্শন কৰিলোঁ। লৰাহতে সুবিধা পাই ৰথৰ ফটো ললে। ৰথৰ পাচত ধুনুচা মণ্ডপলৈ গৈয়ো জগন্নাথ প্ৰভুৰ দৰ্শন এবাৰ কৰা হল। এই ৰথৰ দৃশ্য দেখি বাস্তৱতে অন্তত নতুন ভাৱ হয়। সকলো মানুহৰ এক ভাৱ এক তান এক প্ৰাণ এক চিন্তা দেখি সাম্য মূৰ্ত্তিৰ নিদৰ্শন দেখা যেন লাগে।

 ৰথৰ পাচত আমি দুই চাৰি দিন পুৰী নগৰখন আকৌ চাই ললোঁ। লগতে এদিন মন্দিৰলৈ গৈ প্ৰভুৰ ভোগ ৰান্ধা মণ্ডপৰ ভিতৰখন চালোঁ। জগন্নাথ ঘুনুচা মণ্ডপত থাকাই মন্দিৰৰ ভোগ ঘৰৰ ভিতৰখন সকলোৱে চাব পৰা হল। এই সময়ত লক্ষ্মীৰ অৱস্থা দেখিলে চকুৰ পানী ওলায়। লক্ষ্মী নিজে শ্ৰীকৃষ্ণৰ অভাৱত শ্ৰীহীনা হৈ কাপোৰৰ আচল পাতি ভিক্ষা মাগি দৰ্শন মণ্ডপত বহি থাকে। কাপোৰৰ আচলত যেয়ে যি পাৰে দক্ষিণ৷ স্বৰূপ দিছে। লক্ষ্মীক দক্ষিণা দি আমি ভোগ ঘৰৰ ভিতৰখন চাবলৈ সোমালোঁ। বাটতে আমাক এজন পাণ্ডাই বাধা দি কলে “গাই পতি দুই পইচা মাছুল দিলে হে ভিতৰ সোমাব পাৰিব।” এই বুলি তেওঁ ইংৰাজী, বঙালি, হিন্দি আৰু উৰিয়া ভাষাত লিখা মন্দিৰৰ মোহৰ মাৰা বিজ্ঞাপনবোৰ দেখুৱালে। মই তেতিয়া সুধিলোঁ “অসমীয়া