যাবৰ শক্তি নোহাৱা হল। ওলাইয়ো আহিব নোৱাৰোঁ, সোমায়ো যাব নোৱাৰোঁ উভয় সঙ্কটত পৰি শেষত লোকাৰণ্যৰ মাজত নিজৰ দেহ এৰি দি পানীত ভাহা তৃৰ্ণৰ নিচিনা হলোঁ। ভিৰৰ সোঁতে মোৰ দেহ লাহে লাহে বৈ নি দৰ্শন মন্দিৰৰ হেঙাৰ বাৰিৰ কাষত উপস্থিত কৰালে। ৰত্ন বেদীৰ ফালে চাওঁতেই প্ৰভুৰ দৰ্শন পালোঁ। পিচে হেঙাৰ বাৰিৰ কাষতে এটা শিলৰ থুমত গা হেলনীয়া কৰি প্ৰভুক দৰ্শন কৰি স্তুতি মিনতি কৰিব ধৰিলোঁ। প্ৰায় ১৫ মিনিট মান মিনতি কৰাৰ পাচত কোনোবা এজন পাণ্ডাই মোৰ হাতত থাপ মাৰি ধৰি নানা কৌশলেৰে মোক প্ৰভুৰ বেদীৰ ওচৰলৈ নি দৰ্শন আৰু স্পৰ্শন কৰালে। দশন স্পৰ্শন কৰি প্ৰভুৰ কিৰিটিৰ ফালে মন কৰিলোঁ; দেখিলোঁ প্ৰভুৰ কপালত থকা হীৰা খনৰ নীল ৰঙৰ আভা ওলাই চাৰিওফালে শ্যামবৰ্ণ বিকাশ কৰিছে; দেখি মোৰ শৰীৰ কঁপিব ধৰিলে। গাৰ লোম থিয় হল। চকুৰে পানী ওলাল। ৰ লাগি চাই থাকিলোঁ। ভালে খিনি পৰ চাই থকাত মানুহৰ ভিৰে হেচা মাৰি ধৰিলে। এনেতে আকৌ সেই পাণ্ডাজন আহি মোৰ হাতত ধৰি ভিৰৰ মাজেৰে লাহে লাহে মোক উলিয়াই আনিলে। মই প্ৰভুক প্ৰণামি দি নিৰ্ম্মালি লৈ বাহিৰ হলোঁ। গধূলি আকৌ লৰা-ছোৱালী পৰিবাৰ সকলোটিকে লৈ গৈ নব- যৌবন ৰূপ দৰ্শন কৰা হল। বাস্তবিক নবযৌবন ৰূপ দৰ্শন কৰিব লগীয়া। এই নবযৌবন ৰূপে অন্তত নতুন ভাৱ দিয়ে; নতুন চিন্তা দিয়ে। সেয়েহে মানুহে পইচা ভৰিও নবযৌবন দৰ্শন কৰে।
পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৬৬
অৱয়ব